অসমআঞ্চলিক

শিক্ষাৰ সুন্দৰ পৰিৱেশ ঘূৰাই অনাৰ দিশত শিৱসাগৰ জিলা প্ৰশাসনৰ বলিষ্ঠ পদক্ষেপ

শিক্ষাৰ সুন্দৰ পৰিৱেশ ঘূৰাই অনাৰ দিশত শিৱসাগৰ জিলা প্ৰশাসনৰ বলিষ্ঠ পদক্ষেপ

অমৃত কুমাৰ শৰ্মা, শিৱসাগৰঃ– শিৱসাগৰ জিলা প্ৰশাসনে জিলাখনৰ বিদ্যালয়সমূহৰ সূচাৰুৰূপে সঞ্চালনাৰ বাবে বিদ্যালয় প্ৰাংগণৰ পৰা জাবৰ-জোঁথৰ আৰু বোকা-পানী পৰিস্কাৰ কৰাৰ এক ব্যাপক কাৰ্য্যসূচী গ্ৰহণ কৰিছে৷ উল্লেখযোগ্য যে,
​জিলাখনৰ বিদ্যালয়সমূহত পাঠদান প্ৰক্ৰিয়া পূৰ্বৰ দৰেই সূচাৰুৰূপে চলাই নিয়াৰ উদ্দেশ্যৰে শিৱসাগৰ জিলা প্ৰশাসনে এক ব্যাপক পৰিস্কাৰ-পৰিচ্ছন্নতাৰ অভিযান আৰম্ভ কৰিছে। ইয়াৰ অধীনত বিদ্যালয় প্ৰাংগণত জমা হৈ থকা বোকা-পানী, জাবৰ-জোঁথৰ আৰু আৱৰ্জনাসমূহ ক্ষিপ্ৰতাৰে আঁতৰোৱাৰ ব্যৱস্থা কৰা হৈছে। আনহাতে দেশৰ ভৱিষ্যত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে শিৱসাগৰ জিলা প্ৰশাসনে এখন সুৰক্ষিত, পৰিস্কাৰ আৰু স্বাস্থ্যসন্মত বিদ্যালয় সুনিশ্চিত কৰাৰ ক্ষেত্ৰত এনে পদক্ষেপ গ্ৰহণ কৰাত সাধাৰণ জাতি সুৰক্ষা সন্মিলন-অসমৰ শিৱসাগৰ জিলা সমিতি আৰু শিৱসাগৰ জিলা ইণ্ডিয়ান জাৰ্নেলিষ্ট ফেডাৰশ্যন এ আদৰণি জনাইছে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button