
বিশিষ্ট সমাজসেৱক বিজয় কুমাৰ মঙ্গলুনীয়াক “জীৱনজোৰা সাধনা বঁটা” প্ৰদান
নগাঁৱৰ বিশেষ প্ৰতিবেদক :: নগাঁৱৰ বিশিষ্ট সমাজসেৱক, লেখক তথা লায়ন্স ক্লাৱৰ সৈতে সুদীৰ্ঘ কাল জড়িত বিজয় কুমাৰ মঙ্গলুনীয়াক অলপতে ডিমাপুৰত লায়ন্স ইণ্টাৰনেচলৰ ডিষ্ট্ৰিক্ট 322-Dৰ সদ্যবিদায়ী ডিষ্ট্ৰিক্ট গৱৰ্ণৰ ললিত কুমাৰ কোঠাৰীৰ দ্বাৰা প্ৰদান কৰা হয় “জীৱনজোৰা সাধনা বঁটা”। সমাজসেৱামূলক কৰ্মৰ লক্ষ্যৰে ১৯১৭ চনত আমেৰিকাত গঠিত আন্ত:ৰ্জাতিক সংস্থা ‘লায়ন্স ইণ্টাৰনেচনেল’ৰ সৈতে ৫৬ বছৰ ধৰি জড়িত তথা ডিষ্ট্ৰিক্ট 322-Dৰ ১৯৯৬-৯৭ চনৰ ডিষ্ট্ৰিক্ট গৱৰ্ণৰ পদত অধিষ্ঠিত বৰ্তমান ৮৩ বছৰ বয়সীয়া মঙ্গলুনীয়াক এই বঁটা প্ৰদান কৰাত স্বাভাৱিকতে তেওঁৰ শুভাকাংক্ষীসকলকে ধৰি নগাঁওবাসী আনন্দিত হৈ পৰিছে । উল্লেখ্য যে মধ্য আৰু উজনি অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মণিপুৰক সামৰি গঠিত ডিষ্ট্ৰিক্ট 322-D সমিতিৰ বৰ্তমান নতুন ডিষ্ট্ৰিক্ট গৱৰ্ণৰ হিচাপে ড° নীনা দত্তই (ডিমাপুৰ) শপত গ্ৰহণ কৰা অনুষ্ঠানত এই সন্মান প্ৰদান কৰা হয়। ডিমাপুৰৰ লায়ন্স ক্লাৱৰ সেৱা কেন্দ্ৰত অনুষ্ঠিত অনুষ্ঠানত প্ৰথমগৰাকী ভাইচ ডিষ্ট্ৰিক্ট গৱৰ্ণৰ শংকৰ ৰাউট (গোলাঘাট), দ্বিতীয় ভাইচ গৱৰ্ণৰ প্ৰফেচাৰ ৰমী সিং ( মণিপুৰ)ৰ উপৰি কেইবাগৰাকী প্ৰাক্তন ডিষ্ট্ৰিক্ট গৱৰ্ণৰকে ধৰি সংস্থাটোৰ যথেষ্ট সংখ্যক লোক উপস্থিত আছিল ।