অসমআঞ্চলিক

শিৱসাগৰ জিলাত মেগা স্বাস্থ্য শিবিৰৰ সফল সামৰণি

শিৱসাগৰ জিলাত মেগা স্বাস্থ্য শিবিৰৰ সফল সামৰণি

লক্ষ্যজ্যোতি বৰা –

শিৱসাগৰ জিলাৰ বিভিন্ন ঠাইত যোৱা ৪,৫ আৰু ৬ আগষ্ট তাৰিখত তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা বৃহৎ স্বাস্থ্য শিবিৰৰ সফল সামৰণি পৰে ৷ Assam Ayurvedic Practitioners Association ৰ উদ্যোগত প্ৰলয়ংকৰী বানে সৰ্বস্বান্ত কৰা শিৱসাগৰ জিলাৰ নাজিৰাকে ধৰি বিভিন্ন ঠাইত মেগা স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয় ৷ অভিজ্ঞ চিকিৎসক ডাঃ এমদাদুল ইছলাম , ডাঃ চাকলিন মুচতাক , ডাঃ ৰহিমুল , ডাঃ মেহবুব , ডাঃ ভৱানুৰ , ডাঃ জুবেৰ , ডাঃ ফহিম , ডাঃ ৰফিজুৰ , ডাঃ নজৰুল , ডাঃ জাহাংগীৰ , ফাৰ্মাচিষ্ট মেহৰাজ , ইকৰাম আদিকে ধৰি মুঠ ১৭ গৰাকী চিকিৎসক আৰু কৰ্মচাৰীয়ে বানাক্ৰান্ত ৰাইজক বিনামূলীয়াকৈ চিকিৎসা
প্ৰদান কৰে ৷ উক্ত শিবিৰত ৰোগীসকলক সাধাৰণ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে উচ্চ ৰক্তচাপ , মধুমেহ আদি ৰোগৰ পৰীক্ষা কৰা উপৰি বিনামূলীয়া ঔষধো যোগান ধৰে ৷ প্ৰায় তিনি হাজাৰৰো অধিক লোকক বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত সফল ৰূপায়ণ হোৱাৰ বাবে স্থানীয় প্ৰশাসন তথা ৰাইজে উপস্থিত কৰ্তৃপক্ষ তথা সকলোলৈকে আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰে ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button