অসমআঞ্চলিক

ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ পথ সুগম কৰাৰ লক্ষ্যৰে প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টছ প্ৰাইভেট লিমিটেডৰ এক প্ৰশংসনীয় পদক্ষেপ।

ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ পথ সুগম কৰাৰ লক্ষ্যৰে প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টছ প্ৰাইভেট লিমিটেডৰ এক প্ৰশংসনীয় পদক্ষেপ।

ৰমেন ভৰালী, বংশৰ:-বানত বিধ্বস্ত উজনিৰ বিদ্যালয়সমূহৰ আন্তঃগাঁথনি পুনৰ নিৰ্মাণ আৰু ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ পথ সুগম কৰাৰ লক্ষ্যৰে প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টছ প্ৰাইভেট লিমিটেডৰ এক প্ৰশংসনীয় পদক্ষেপ। নাজিৰা আৰু ডিমৌ সমষ্টিৰ ২০খন বিদ্যালয়লৈ মুঠ ১ কোটি টকাৰ অৰ্থসাহায্য আগবঢ়াই বানাক্ৰান্ত অঞ্চলসমূহৰ শিক্ষাখণ্ডৰ পুনৰ গঠনত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে প্ৰাইড ইষ্ট গ্ৰুপে। ইয়াৰ অংশ হিচাপে ১২ আগষ্টত ডিমৌ সমষ্টিৰ ৫খন বান ক্ষতিগ্ৰস্ত বিদ্যালয়লৈ ৫ লাখ টকাৰ চেক প্ৰদান কৰে প্ৰাইড ইষ্টৰ CMD ৰিণিকী ভূঞা শৰ্মাই।
বানৰ ধ্বংসই বিদ্যালয়ৰ আন্তঃগাঁথনি ক্ষতিগ্ৰস্ত কৰিব পাৰে, কিন্তু শিক্ষাৰ সপোন কেতিয়াও থমকাব নোৱাৰে। শিক্ষাৰ্থীৰ উজ্জ্বল ভৱিষ্যতৰ বাবে এই মানৱীয় প্ৰয়াস সঁচাকৈয়ে অনুপ্ৰেৰণাদায়ক।
অনুষ্ঠানত উপস্থিত থাকে ৰাজহ মন্ত্ৰী কেশৱ মহন্ত, জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁই, প্ৰাইড ইষ্ট গ্ৰুপৰ VICE PRESIDENT (MEDIA) চৈয়দ জাৰিৰ হুছেইন।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button