অসমআঞ্চলিক

সমগ্ৰ দেশৰ লগতে বাক্সাৰ শালবাৰীতো ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন।

সমগ্ৰ দেশৰ লগতে বাক্সাৰ শালবাৰীতো ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন।

প্ৰসন্ন নাথ, বাক্সা, দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বাক্সা জিলাৰ শালবাৰীত শালবাৰী মহকুমা প্ৰশাসনৰ উদ্যোগত ৮০ তম স্বাধীনতা দিৱস উদযাপন কৰা হয়।অনুষ্ঠানত মুখ্য অতিথি হিচাপে বিটিচি চৰকাৰৰ ইএম বেগম আখতাৰা আহমেদে উপস্থিত থাকি ৮০ তম স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে।৮০ তম স্বাধীনতা দিৱসৰ এই প্ৰাকক্ষণত মুখ্য অতিথি হিচাপে বেগম আখতাৰা আহমেদে দেশৰ হকে প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদ সকলক স্মৰণ কৰি ভাষণ প্ৰদান কৰে। অনুষ্ঠানত মানাহ বিধানসভা সমষ্টিৰ বিধায়ক থানেশ্বৰ বসুমতাৰী, ২১ শালবাৰী পৰিষদীয় সমষ্টিৰ পাৰিষদ দিগন্ত গয়াৰীয়ে অতিথি হিচাপে উপস্থিত থাকে।৮০ তম স্বাধীনতা দিৱসৰ কাৰ্যসূচীত শালবাৰী মহকুমাৰ এই কাৰ্যসূচীত ভূটানৰ কেইবাজনো প্ৰতিনিধি উপস্থিত থাকে। স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি আৰক্ষী প্ৰশাসন আৰু বিভিন্ন বিদ্যালয়ৰ দ্বাৰা শিক্ষাৰ্থীৰ দ্বাৰা প্ৰদৰ্শিত পেৰেডৰ অভিবাদন গ্ৰহণ কৰে মুখ্য অতিথি বেগম আখতাৰা আহমেদে।অনুষ্ঠানৰ অন্তিম পৰ্যায়ত বিভিন্ন বিদ্যালয়ৰ শিক্ষাৰ্থীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠানো প্ৰদৰ্শন কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button