
শিক্ষক মনেশ্বৰ পাটিৰৰ বিদায় সম্বৰ্ধনা আৰু প্ৰবীণ কুমাৰ টায়েৰ গ্ৰন্থ উন্মোচন
বুলমণি বৰি, লখিমপুৰ: কাছজুলি জনজাতি প্ৰাথমিক বিদ্যালয়যৰ শিক্ষক মনেশ্বৰ পাটিৰৰ দীৰ্ঘদিনীয়া সফল কৰ্মজীৱনৰ অন্ত পৰাত ৯ আগষ্ট তাৰিখে গাঁৱৰ ৰাইজে গায়ন বায়ন আৰু খোল তালৰ সমদল উলিয়াই তেওঁক নিজ গৃহৰ পৰা ধুমধামেৰে আদৰি আনি বিদ্যালয়ৰ চৌহদত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত হৃদয়্পৰ্শী বিদায় সম্বৰ্ধনা জনায়।
জয় নাৰায়ণ মৰাঙৰ সভাপতিত্বত সভাখন কাছজুলি মিৰি গাঁৱৰ জীয়ৰী বোৱাৰীসকলে দিহা নামেৰে শুভাৰম্ভ কৰে। সভাত বিদায়ী শিক্ষকগৰাকীক বিদ্যালয়, পৰিয়াল ছাত্ৰ ছাত্ৰী, প্ৰাক্তন শিক্ষাৰ্থী লগতে গাওঁবাসী ৰাইজেও গামোচা চেলেং শৰাই সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জনায়। নিদিষ্ট বক্তাৰ ভাষণত হাৰমতী সীমান্ত শাখা সাহিত্য সভাৰ সম্পাদক চন্দ্ৰ শইকীয়াই বিদায়ী শিক্ষক মনেশ্বৰ পাটিৰৰ শিক্ষকতা বৃত্তিৰ প্ৰতি থকা মহানতাৰ কথা উল্লেখ কৰে। প্ৰাক্তন ছাত্ৰ লুহিত মৰাঙে ভাষণ প্ৰদান কৰি কয় যে পাটিৰ ছাৰ কেৱল আমাৰ শিক্ষাগুৰুৱেই নাছিল আমাৰ এজন প্ৰকৃত অভিভাৱক আৰু দিশ দৰ্শক আছিল। শ্ৰেণীকোঠাত কেৱল পাঠ্যপুথিৰ জ্ঞানেই দিয়া নাছিল কেনেকৈ এজন সৎ আৰু আদৰ্শ মানুহ হ’ব পাৰি তাৰো মূল্যৱান শিক্ষা দিছিল।তেখেতৰ নীতি শিক্ষা আৰু জ্ঞানৰ পোহৰে আমাৰ হৃদয়ত চিৰদিন উজ্জ্বলি থাকিব। বিদায়ী শিক্ষক মনেশ্বৰ পাটিৰে ভাষণ প্ৰদান কৰি কয় শিক্ষকতা মোৰ কেৱল এটা বৃত্তি নাছিল আছিল মোৰ জীৱনৰ ব্ৰত। বিদ্যালয়খন আৰু ছাত্ৰ ছাত্ৰীসকলক এৰি যাওঁতে মোৰ বুকুখন দুফাল হৈ পৰিছে। কিন্তু তেওঁলোকৰ ভৱিষ্যতৰ উন্নতি দেখিলে মই মোৰ কৰ্তব্য সফল হোৱা বুলি ভাৱিম। অনুষ্ঠানত প্ৰবীণ কুমাৰ টায়েই এখন কবিতা সংকলন উন্মোচন কৰে কাঁইট ভাঙি আঁজুৰি আনিম ফুল।বিশিষ্ট ঔপন্যাসিক ধনদা দেৱীয়ে কাব্যগ্ৰন্থখন উন্মোচন কৰি কয় যে কিতাপ কেৱল কাগজ আৰু চিঞাহীৰ সমাহাৰ নহয়।ই হ’ল এখন হৃদয়ৰ অনুভূতি। চিন্তা আৰু সৃষ্টিশীলতাৰে জন্ম হোৱা এই কাব্য গ্ৰন্থখনে পাঠকৰ মন জয় কৰিবলৈ সক্ষম হওক।কবি বুলমণি বৰিয়ে কাঁইট ভাঙি আঁজুৰি আনিম ফুল কবিতাটো পাঠ কৰি কয় যে কিতাপেই একমাত্ৰ মাধ্যম যিয়ে সমাজক সঠিক দিশ দেখুৱাব পাৰে আৰু মানুহৰ চিন্তাক সমৃদ্ধ কৰিব পাৰে। প্ৰবীণ টায়েৰ কবিতা সংকলন খন আদৰি লৈ কবিগৰাকীক প্ৰেৰণা দিবলৈ সকলোকে আহ্বান জনায়। হৰিদেৱ মৰাঙ আৰু ৰূপাঞ্জলি মৰাঙে পৰিচালনা কৰা সভাখন বিয়লি ৪ বজাত জাতীয় সঙ্গীতেৰে সফল সামৰণি পৰে।
৯৮৬৪৬৮০৪৬৯