অসমআঞ্চলিক

ড.দয়ানন্দ পাঠক: সুৰেন দাস মহাবিদ্যালয়ৰ অধ্যক্ষৰ পৰা বৌদ্ধিক জগতলৈ

ড.দয়ানন্দ পাঠক: সুৰেন দাস মহাবিদ্যালয়ৰ অধ্যক্ষৰ পৰা বৌদ্ধিক জগতলৈ

        পৰেশ বৈশ্য 

শিক্ষাবিদ, সাহিত্যিক, সমালোচক তথা শংকৰী সাহিত্যৰ সাধক ড. দয়ানন্দ পাঠক অসমৰ বৌদ্ধিক সমাজৰ এটি সুপৰিচিত নাম। কুৰি শতিকাৰ শেষাৰ্ধত আৰু একৈশ শতিকাৰ প্ৰথম ভাগত অসমৰ জাতীয় জীৱন সমৃদ্ধ কৰা অসমীয়াসকলৰ ভিতৰত ড. দয়ানন্দ পাঠক নি:সন্দেহে লেখত ল’বলগীয়া। বিগত প্ৰায় চাৰিটা দশকধৰি বিশেষকৈ অসমৰ উচ্চ শিক্ষাৰ উত্তৰণৰ হকে তেখেতে মাৰ্গদৰ্শন দি আহিছে। মূলতঃ ইংৰাজী সাহিত্যৰ ছাত্ৰ হৈয়ো তেখেতে অসমীয়া ভাষা- সাহিত্যৰ জগতখনলৈও অভূতপূৰ্ব বৰঙণি যোগাইছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ ৰচনা সম্ভাৰক লৈ গৱেষণা কৰাৰ উপৰিও তেখেতে গুৰুদুজনাৰ জীৱন দৰ্শন আৰু নাটক আদিক ইংৰাজীলৈ তৰ্জমা কৰি বিশ্বৰ বুকুত পৰিচয় কৰাই দি মহৎ কাৰ্য সাধিত কৰিছে। আনকি জ্যোতি প্ৰসাদ আগৰৱালাৰ কেইবাখনো নাটক তেখেতে ইংৰাজীত অনুবাদ কৰিছে। জীৱনটোক সকলো সময়তে বৌদ্ধিক কামত সংপৃক্ত কৰি ৰখা ড. পাঠকে অসমৰ জাতীয় জীৱনৰ সংকট কালত, জাতীয় সমস্যা সমাধানৰ ক্ষেত্ৰত সদায় বলিষ্ঠ মাৰ্গদৰ্শন দি অসমীয়া জাতিক সাহস যোগাই আছে।
পৰিৱৰ্তনত বিশ্বাসী ড.পাঠক কোনো বিশেষ ৰাজনৈতিক আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত নহয়। তেখেত এগৰাকী আপেক্ষিকতাবাদত বিশ্বাসী লোক। যিকোনো ৰাজনৈতিক আদৰ্শৰ বা দলৰ জনহিতৈষী সেৱাক প্ৰশংসা কৰা আৰু জনবিৰোধী কামৰ বিৰোধিতাৰে তেখেতৰ ৰাজনৈতিক দৰ্শন পৰিচালিত। সেয়ে কোনো ৰাজনৈতিক দলকেই তেখেতে বৈৰী বা মিত্ৰ বুলি স্থিতিত অটল নাথাকে। তেখেতে বিশ্বাস কৰে যে যিটো আজি গ্ৰহণযোগ্য সেইটো কাইলৈ বৰ্জনীয় হ’ব পাৰে। তেখেত এগৰাকী নিৰহংকাৰী, সদালাপী ব্যক্তি।
ড.দয়ানন্দ পাঠকে অসম অসামৰিক সেৱাৰ (ACS) চাকৰি এৰি আহি ১৯৮৩ চনৰ ২০ জুনত হাজোৰ সুৰেন দাস মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে যোগদান কৰে। তেওঁ অধ্যক্ষৰ উপৰিও মহাবিদ্যালয়খনৰ ইংৰাজী বিভাগৰ অধ্যাপক হিচাপেও সেৱা আগবঢ়াইছিল। তেওঁ যেতিয়া সুৰেন দাস মহাবিদ্যালয়ত অধ্যক্ষ হিচাপে যোগদান কৰে তেওঁৰ মাহিলী দৰমহা আছিল মাত্ৰ এহেজাৰ টকা। ১৯৮৬ চনলৈকে তেওঁ মাহে এহেজাৰ টকা দৰমহাত অধ্যক্ষৰ দায়িত্ব চম্ভালিছিল। ১৯৭৯ চনত স্থাপিত উক্ত মহাবিদ্যালয়খন তেখেতে প্ৰচেষ্টাতেই ১৯৮৭ চনৰ পহিলা জানুৱাৰীৰ পৰা ডেফিছিট হয়( যাক সহজ অৰ্থত চৰকাৰীকৰণ হোৱা বুলি ক’ব পাৰি)। গতিকে সেই তাৰিখৰ পৰা তেওঁ চৰকাৰী নিৰিখত দৰমহা পায়। তেওঁ অৱশ্যে অৱসৰৰ সময়লৈকে এই মহাবিদ্যালয়খনত অধ্যক্ষ হিচাপে নাথাকিল। ২০০১ চনৰ ১৮ জুনৰ পাছত তেওঁ গুৱাহাটীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে যোগদান কৰে। তেওঁ প্ৰায় ওঠৰ বছৰ কাল সুৰেন দাস মহাবিদ্যালয়ৰ অধ্যক্ষৰ পদত অধিষ্ঠিত হৈ আহিল। মহাবিদ্যালয়খন স্থাপনৰ প্ৰায় চাৰি বছৰমান পাছত সুৰেন দাস মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে যোগদান কৰা ড.পাঠক হ’ল মহাবিদ্যালয়খনৰ প্ৰথমগৰাকী নিয়মীয়া অধ্যক্ষ।
তেখেতে মহাবিদ্যালয়খনৰ অধ্যক্ষ হিচাপে যোগদান কৰাৰ সময়ত সুৰেন দাস মহাবিদ্যালয়ৰ শ্ৰেণীসমূহ চলিছিল হাজো SBSKR উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদত। পাছত বৰ্তমানৰ স্থানলৈ স্থানান্তৰিত কৰা হয়। স্থানান্তৰিত কৰাৰ সকলো কামতেই তেখেতে গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। তেওঁৰ নিযুক্তিৰ সময়ত মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি আৰু সম্পাদক আছিল ক্ৰমে ক্ষিতিশ মেধি আৰু ভূপেশ মালাকাৰ। তেওঁ সুৰেন মহাবিদ্যালয়ৰ অধ্যক্ষৰ সময়ছোৱাতেই মহাবিদ্যালয়খন চৰকাৰীকৰণ হোৱাৰ কথাটো ইতিমধ্যে উল্লেখ কৰিছোঁ। এইটো তেওঁৰ কাৰ্যকালৰ এক বৃহৎ সফলতা। ইয়াৰ আগতেও তেখেতে মহাবিদ্যালয়খনত বিজ্ঞান শাখা মুকলি কৰাৰ বাবে হাজো গাঁও পঞ্চায়ত সমবায় সমিতি লিমিটেডৰ সহযোগত পুঁজি সংগ্ৰহত আগভাগ লৈছিল। আনকি তাৰ বাবে থিয়েটাৰ পৰ্যন্ত মাতিছিল। বৰ্তমান যি ঠাইত মহাবিদ্যালয়খন আছে, সেই মাটি মূলতঃ ধোপৰগুৰি সত্ৰৰ। কিন্তু ড.পাঠকে অধ্যক্ষৰ কালছোৱাত নিজে উদ্যোগ লৈ মহাবিদ্যালয়খনৰ বাবে অতিৰিক্ত চাৰি বিঘা চৰকাৰী মাটি আৱণ্টন লৈছিল। তেওঁৰ কাৰ্যকালতেই মহাবিদ্যালয়খনৰ পুথিভঁৰালটোক এক পূৰ্ণাংগ ৰূপ দিছিল। ভালেমান বিষয়ত অনাৰ্ছ খুলিছিল। তেখেতৰ কাৰ্যকালতেই প্ৰয়াত সুৰেন দাসৰ পৰিয়ালৰ লগত যোগাযোগ কৰি পৰিয়ালৰ অৰ্থ সাহায্যৰে মহাবিদ্যালয়খনৰ দুমহলীয়া আৰচিচি বিল্ডিংটো নিৰ্মাণ কৰা হয়। সুৰেন দাস মহাবিদ্যালয়ৰ পূৰ্বৰ নাম আছিল হাজো আঞ্চলিক মহাবিদ্যালয়। কিন্তু সুৰেন দাসৰ পৰিয়ালৰ আৰ্থিক সাহায্য লাভৰ পাছত ৰাইজে মহাবিদ্যালয়খনৰ নাম সুৰেন দাস মহাবিদ্যালয় ৰাখে। তেওঁৰ কাৰ্যকালত মহাবিদ্যালয়খনৰ ডিগ্ৰী পৰ্যায়ত দুটা নতুন বিষয় আৰম্ভ কৰিছিল। এটা হ’ল ভাষা বিজ্ঞান আৰু আনটো হ’ল লোক-সংস্কতি। সেই সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ কোনো মহাবিদ্যালয়ত ডিগ্ৰী পৰ্যায়ত এই দুটা বিষয় আৰম্ভ কৰা নাছিল। উক্ত বিষয় দুটা ডিগ্ৰী পৰ্যায়ত আৰম্ভ কৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ প্ৰথমখন মহাবিদ্যালয় হ’ল হাজোৰ সুৰেন দাস মহাবিদ্যালয়। তেখেতৰ কাৰ্যকালৰ আন এটা স্মৰণীয় কথা হ’ল বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ কাৰ্যকালতেই কটন কলেজ এৰি আহি হাজোৰ সুৰেন দাস মহাবিদ্যালয়ৰ প্ৰাক বিশ্ববিদ্যালয় কলা শাখাত নামভৰ্তি কৰিছিল। সুৰেন দাস মহাবিদ্যালয়ৰ পৰাই কলা শাখাত তেওঁ প্ৰাক্ বিশ্ববিদ্যালয় পৰীক্ষাত উত্তীৰ্ণ হয়। গতিকে বৰ্তমানৰ মুখ্যমন্ত্ৰী ড.হিমন্তবিশ্ব শৰ্মা হাজোৰ সুৰেন দাস মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ।
হাজোৰ সুৰেন দাস মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰাৰ পুৰ্বে তেখেতে বৰপেটা জিলাৰ বাঘবৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। সেই চাকৰি এৰি তেওঁ সুৰেন দাস মহাবিদ্যালয়ৰ অধ্যক্ষ হয়। ইংৰাজ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীৰ চূড়ান্ত পৰীক্ষা দি উঠিয়েই তেখেতে প্ৰায় এবছৰ কাল মাহে ৬০ টকা দৰমহাত চেঙাৰ মধ্য কামৰূপ মহাবিদ্যালয়ত ইংৰাজী বিভাগৰ অধ্যাপক হিচাপে যোগদান কৰিছিল। পাছত তেওঁ সৰভোগত অৱস্থিত জুৰোৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মাহে ৩০০ টকা দৰমহাত ইংৰাজীৰ বিষয় শিক্ষক হিচাপে প্ৰায় ৭ মাহ মান চাকৰি কৰে। পাছত তেওঁ এচিএছ পোৱাত চাকৰি স্কুলৰ এৰি যায়। ড.দয়ানন্দ পাঠকে প্ৰায় ১৮ বছৰকাল হাজোৰ সুৰেন দাস মহাবিদ্যালয়ত অধ্যক্ষ হিচাপে সেৱা আগবঢ়াইছিল যদিও এই মহাবিদ্যালয়ৰ পৰা চাকৰি এৰি গুৱাহাটীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে যোৱাৰ সময়ত সুৰেন দাস মহাবিদ্যালয় কৰ্তৃপক্ষই যথোচিত বিদায় সম্ভাষণ নজনালে । হয়তো সেই দুখটো তেখেতৰ থাকি গ’ল।

 এইগৰাকী বিশিষ্ট শিক্ষাবিদৰ পিতৃ সৰ্বানন্দ পাঠক বৰপেটাৰ যদিও ৰে'ল বিভাগত চাকৰি কৰা সূত্ৰে আমিনগাঁৱত আছিল। আমিনগাঁৱতেই ১৯৫১ চনৰ পহিলা ফেব্ৰুৱাৰীত দয়ানন্দ পাঠকৰ জন্ম হয়। তেখেতৰ মাক পাৰ্বতীপ্ৰিয়া পাঠক আছিল শুৱালকুছীয়া।  দয়ানন্দ পাঠকে আমিনগাঁৱতেই ৬২ নং আমিনগাঁও প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা লাভ কৰে। তেখেতে আমিনগাঁৱৰ তেতিয়াৰ শৰাইঘাট মধ্য ইংৰাজী বিদ্যালয়তো পঢ়ে। পাছত তেখেতে বৰপেটাৰোডৰ গোপীনাথ বৰদলৈ হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। তেখেতে প্ৰাক বিশ্ববিদ্যালয়ৰ শিক্ষা বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ পৰা লাভ কৰে। পাছত তেখেতে কটন কলেজৰ পৰা ইংৰাজী বিষয়ত অনাৰ্ছ সহ বি.এ পৰীক্ষা পাছ কৰে। ১৯৭২ চনত তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তেখেতে প্ৰথমতে পিএইছডি ডিগ্ৰীৰ বাবে এলাহাবাদ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰে যদিও গাইডৰ সমস্যাই দেখা দিয়াত শেষত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰাই১৯৮৩ চনত  পিএইছডি ডিগ্ৰী লাভ কৰে। তেখেতৰ গৱেষণাৰ বিষয় আছিল: দ্য ৰিলিজিয়াচ আইডিয়াজ অৱ জৰ্জ বাৰ্ণাড শ্ব। তেখেতে ১৯৯৩ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা আইনৰ স্নাতক ডিগ্ৰীও লাভ কৰে। 
     ড. দয়ানন্দ পাঠকে ২০১১ চনত প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ পৰা অধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰে। অৱসৰৰ পাছত তেখেতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা হিচাপেও নাম পঞ্জীয়ন কৰে।  তেখেতে অৱসৰৰ পাছত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ শংকৰদেৱ অধ্যয়নৰ প্ৰথমগৰাকী অধ্যাপক হিচাপে সেৱা আগবঢ়ায়। তেখেতে মেঘালয়ৰ ইউনিভাৰ্চিটি অৱ ছায়েঞ্চ এণ্ড টেকন'লজীৰো ইংৰাজীৰ অধ্যাপক হিচাপে সেৱা আগবঢ়াইছিল। অতি সম্প্ৰতি তেখেতে চণ্ডীগড়ৰ পঞ্জাব বিশ্ববিদ্যালয়ৰ শংকৰদেৱ অধ্যয়ন চেয়াৰৰ ভিজিটিং প্ৰফেচাৰ হিচাপে সেৱা আগবঢ়াই আছে। চাকৰিকালত আৰু অৱসৰৰ পাছতো তেখেতে এগৰাকী গৱেষক পণ্ডিত হিচাপে  নিজৰ দায়িত্ব পালন কৰি আহিছে। তেখেতৰ অধীনত প্ৰায় বিশ জনে পিএইছডি ডিগ্ৰী আৰু এম.ফিল ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছে। 
  ড. পাঠক ইংৰাজী সাহিত্যৰ ছাত্ৰ যদিও অসম ভাষা বিজ্ঞান সমিতিৰ লগতো জড়িত। তেখেতে অসম ভাষা বিজ্ঞান সমিতিৰ সম্পাদক, সভাপতিৰ পদ অলংকৃত কৰি অসমীয়া ভাষা চৰ্চাৰ এক পৰিৱেশ সৃষ্টি কৰাত অৰিহণা যোগাইছে। তেখেতে অসম সাহিত্য সভাৰ পত্ৰিকাখনৰো ১৯৯২-৯৩ আৰু ১৯৯৩-৯৪ দুটা কালৰ বাবে সম্পাদকৰ দায়িত্ব সফলতাৰে চম্ভালি মুঠ আঠটা সংখ্যা সম্পাদনা কৰে। তেখেত পত্ৰিকা সম্পাদক থকা সময়ছোৱাত অসম সাহিত্য সভা সভাপতিৰ আসন শুৱনি কৰিছিল ড.ভূপেন হাজৰিকা আৰু লক্ষ্যধৰ চৌধুৰীয়ে। 
   ড. পাঠক এগৰাকী সাংবাদিকো। তেখেতে সাপ্তাহিক 'অসমীয়া বৰ্তমান'ৰ মুখ্য সম্পাদক। তেখেত 'দ্য নিউজ প্লাছ 'নামৰ ছেটেলাইট চেনেলটোৰো সম্পাদনা উপদেষ্টা। ইয়াৰ উপৰিও আন কেইবাজনো কাকত- আলোচনী সম্পাদনা অক্ষৰ সৈতে তেখেত জড়িত। অসমৰ আগশাৰীৰ প্ৰায়ভাগ নিউজ চেনেলত এগৰাকী আলোচক হিচাপে তেখেতে সেৱা আগবঢ়াই আহিছে। 
  তেখেতে হাজোৰ সুৰেন দাস মহাবিদ্যালয়ৰ অধ্যক্ষ হৈ থকা সময়তেই ১৯৮৩ চনত লক্ষ্মী দাসৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেখেত এগৰাকী কন্যা আৰু এটি ল'ৰা সন্তানৰ পিতৃ। 
  ড. পাঠকে অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতেই গ্ৰন্থ ৰচনা কৰি অসমীয়া ভাষা সাহিত্যৰ ভঁৰাল চহকী কৰিছে। তেখেতে ৰচনা কৰা ইংৰাজী গ্ৰন্থসমূহ হ'ল: George Bernard Shaw : His Religion and Values, Jyoti Prasad Agarwalla:Man and Mission, Profile of a Saint: Sri Sri Madhabdeva, Srimanta Sankardev: The Great Master, All for Assamese Language: Lives and Studies, Two eminent Linguists ( Prof G.CGoswami & Prof U.N Goswami),Beautiful Mind of Srimanta Sankardeva, Playwright Peacher Sankardeva: His Plays, Madhabdeva and His Plays,Apostles  of Assam Vaisnavism: The Atapurushas,A Heap of Broken Images, Patterns of Thoughts, Poet- Playwright  Sankardeva: Life and Legacy, Destination Hajo, Barpeta: A Bird's Eye View, Hajo: A Heritage, A Short History of Assamese Literature.তেখেতে আলফাৰ উত্থানক বিষয় হিচাপে লৈ Tales of a Dying River নামৰ ইংৰাজী উপন্যাস লিখিছে।তেখেতে  কেইবাখনো ইংৰাজী গ্ৰন্থ সম্পাদনা কৰিছে। সেইকেইখন হ'ল: Creative Vision: Essays on Sankardeva and Neo Vaisnava Movement in Assam( co- editor), Bhakti Movement and Srimanta Sankardeva( chief editor ) , Pickings from Cottonian( co-editor). তেখেতে এতিয়ালৈকে পাঁচখন ইংৰাজীত লিখা কবিতাপুথি প্ৰকাশ কৰিছে। সেইকেইখন হ'ল:  Coral Island, The Golden Deer, Between Fire and Snow, The Pedestrian Looks Back  আৰু Magic Edifice.ড. পাঠকৰ ইংৰাজী কবিতাসমূহৰ ওপৰত আন্তৰ্জাতিক পৰ্যায়ৰ গৱেষণা পত্ৰিকা কেইখনমানত সুন্দৰ আলোচনা হৈছে। 
ড. পাঠকে অসমীয়া ভাষাতো কেইবাখনো মূল্যৱান গ্ৰন্থ লিখি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছে। সেইসমূহ হ'ল: প্ৰাচ্য আৰু পাশ্চাত্য সাহিত্যত এভূমুকি, আধুনিক ইংৰাজী নাট্য সাহিত্যৰ ৰূপৰেখা, অসমীয়া নাটক আৰু পাশ্চাত্য প্ৰসংগ, সাহিত্য পৰিক্ৰমা, সাহিত্য সমন্বয়, সাহিত্য: প্ৰাচ্য আৰু পাশ্চাত্য, ট্ৰেজেদি: উদ্ভৱ আৰু বিৱৰ্তন, সমন্বয় তীৰ্থ: হাজো, সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভা আদি। তেখেতে শিশুসকলৰ বাবে তিনিখন গ্ৰন্থ লিখিছে।  ঈশ্বৰৰ সন্ধানত সৰু ছোৱালীজনী, মুক্ত দেশৰ কথা আৰু গোপীনাথ বৰদলৈ তেখেতৰ শিশু উপযোগী গ্ৰন্থ। 
 ড. পাঠকে অনুবাদ সাহিত্যলৈও অনবদ্য অৱদান আগবঢ়াইছে। তেখেতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ  ছয়খন নাটক আৰু মাধৱদেৱৰ ন খন নাটক ইংৰাজীলৈ অনুবাদ কৰি গুৰু দুজনাৰ সৃষ্টিৰাজিক জগত সভালৈ নিছে। তাৰ বাবে অসমীয়া জাতি তেখেতৰ ওচৰত কৃতজ্ঞ হোৱা উচিত। তেখেতে জ্যোতি প্ৰসাদ আগৰৱালাৰ কাৰেঙৰ লিগিৰী, লভিতা আৰু ৰূপালীম নাট কেইখনো ইংৰাজীলৈ তৰ্জমা কৰি মহৎ কাম কৰিছে। ইংৰাজী সাহিত্যৰ ছাত্ৰ হিচাপে তেখেতে শ্বেইকছপীয়েৰৰ ৰোমিও এণ্ড জুলিয়েট, জুলিয়াছ চিজাৰ, কিং লিয়াৰ , হেমলেট আৰু মেইজাৰ ফৰ মেইজাৰ এই ছয়খন নাটক অসমীয়া ভাষাত অনুবাদ কৰি প্ৰকাশ কৰিছে।
  তেখেতে কেইবাখনো অসমীয়া গ্ৰন্থ সম্পাদনা কৰিছে। তাৰ ভিতৰত শংকৰদেৱ আৰু মাধৱদেৱৰ বৰগীত, নাট্য প্ৰসংগ, পৰেশ বৈশ্য ৰচনাৱলীৰ প্ৰথম আৰু দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ খণ্ড, বাণীকান্ত কাকতিৰ প্ৰতিভা , সতীশ চন্দ্ৰ কাকতি অভিনন্দন গ্ৰন্থ আৰু প্ৰিঞ্চিপাল পৰেশ বৈশ্য আদি উল্লেখযোগ্য।
তেখেতে হাজো বিষয়কো আন কেইবাখনো গ্ৰন্থ ইংৰাজীতড়লিখিছে। সেই সমূহ হ'ল Destination Hajo, Hajo: Holy Land, Hajo: A Heritage সমন্বয় তীৰ্থ: হাজো। তেখেতে Hajo Revisited নামৰ এটি বিখ্যাত ইংৰাজী কবিতা লিখি হাজোৰ নাম উজ্বল কৰিছে। 
  অসমৰ জাতীয় জীৱনলৈ আগবঢ়োৱা বিশিষ্ট অৱদানৰ বাবে বিভিন্ন সামাজিক অনুষ্ঠানে ইতিমধ্যে তেখেতক ভালেমান বঁটা - সন্মানৰে কৃতজ্ঞতা জ্ঞাপন কৰিছে। তাৰ ভিতৰত পৰেশ বৈশ্য ফাউণ্ডেচনৰ ' শিক্ষাচাৰ্য' সন্মান, 'তিতকুছি বঁটা', 'ড.বাণীকান্ত কাকতি বঁটা', 'বিৰিণা সাহিত্য বঁটা', পৰেশ বৈশ্য ফাউণ্ডেচনৰ 'শংকৰদেৱ অধ্যয়ন বঁটা 'সাহিত্য ৰত্ন' সন্মান আৰু আন ভালেমান জাতীয় অনুষ্ঠানে তেখেতক জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰিছে।  তেখেত ২০১৮ চনত অসম চৰকাৰৰ সাহিত্যিক পেঞ্চনো লাভ কৰে। কিন্তু গুৰুদুজনাৰ অমূল্য নাট্য সম্ভাৰ ইংৰাজীলৈ অনুবাদ কৰি জাতীয় দায়িত্ব পালন কৰা ড.দয়ানন্দ পাঠকক অসম চৰকাৰে শংকৰদেৱ বঁটা বা মাধৱদেৱ বঁটাৰ বাবে নিৰ্বাচিত নকৰাটো সচাকৈয়ে পৰিতাপৰ বিষয়।
  • লেখক এগৰাকী শিক্ষাবিদ, সাহিত্যিক, সাংবাদিক। পৰেশ বৈশ্য ফাউণ্ডেচনৰ পৰিচালন ন্যাসৰক্ষী। মোবাইল নম্বৰ:৯৮৫৯২-৬৩৯৭৩।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button